panchayat election assam date 2018 | পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী
পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী assam gram panchayat election date 2018 ********************************* সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলযোগে ঘোষণা কৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। এই অনুযায়ী অহা ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শাসক বিৰ োধী প্ৰতিটো দলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰা এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ১৫ নৱেম্বৰ। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ নৱেম্বৰ। সংবাদমেলত আয়োগে সদৰী কৰা মতে, প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২২ নৱেম্বৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিয়ে নিৰ্দেশনা জাৰি কৰা হয়। ২য় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্দেশনা জাৰি কৰা হ’ব ৯ নৱেম্বৰত। ফলাফল ঘোষণা কৰা হ...