স্বাস্থ্য_ৰক্ষাত_কলমৌ_শাক 15 Best Benefits and Uses Of Water Spinach For Skin, Hair and Health (Assamese Health Tips)
স্বাস্থ্য_ৰক্ষাত_কলমৌ_শাক 🌿 🌿 ইয়াৰ বৈজ্ঞানিক নাম Ipomia aquatica । পানী থকা ঠাইত নাইবা খেতিপথাৰ, সেমেকা ঠাইত ইয়াক সাধাৰণতে দেখিবলৈ পোৱা যায়। অসমীয়া থলুৱা ব্যঞ্জন সমূহৰ ভিতৰত কলমৌ শাকৰ ব্যঞ্জনো লেখত লবলগীয়া। যেনে কলমৌ আৰু আলুৰ শুকান ভাজি,ঢেকীয়া আৰু কলমৌৰ শুকান ভাজি, মচুৰ দাইলৰ লগত বনোৱা কলমৌ শাকৰ আঞ্জা, মাগুৰ শিঙি মাছৰ লগত কলমৌ শাকৰ জোল খুবেই তৃপ্তিদায়ক । কলমৌ শাকত ভিটামিন A, বিভিন্ন প্ৰকাৰৰ ভিটামিন B যৌগ, ভিটামিন C, আইৰণ, আঁহ ( dietary fibre), কেলচিয়াম, মেগনেছিয়াম, মেংগানি জ, পতাছিয়াম, ফচফৰাছ, চডিয়াম, জিঙ্ক ইত্যাদি বহু অত্যাৱশ্যকীয় উপাদান পোৱা থাকে। সেয়েহে স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত কলমৌ শাকৰ ভূমিকা আছে। ইয়াৰ উপকাৰী গুণসমূহ তলত উল্লেখ কৰা হৈছে 🌿 (১). জণ্ডিচ আৰু অন্যান্য লিভাৰজনীত ৰোগত কলমৌ শাক উত্তম পথ্য । বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ যাক টকচিন্স ( toxins) বুলি কোৱা হয় সেইবোৰ শৰীৰৰ পৰা নিষ্কাষণ কৰাত ই সহায় কৰে । ইয়াত থকা কিছুমান বিশেষ উপাদানে লিভাৰৰ এঞ্জাইমসমূহক ( enzyme) সক্ৰিয় কৰি লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আ...