panchayat election assam date 2018 | পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী

assam gram panchayat election date 2018

*********************************
সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলযোগে ঘোষণা কৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। এই অনুযায়ী অহা ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শাসক বিৰোধী প্ৰতিটো দলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰা এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ১৫ নৱেম্বৰ। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ নৱেম্বৰ।
সংবাদমেলত আয়োগে সদৰী কৰা মতে, প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২২ নৱেম্বৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিয়ে নিৰ্দেশনা জাৰি কৰা হয়। ২য় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্দেশনা জাৰি কৰা হ’ব ৯ নৱেম্বৰত। ফলাফল ঘোষণা কৰা হ’ব অহা ১২ ডিচেম্বৰত।

assam panchayat election


প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহ হৈছে কামৰূপ (মহানগৰ), কামৰূপ (গ্ৰাম্য), তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং আৰু মৰিগাঁও। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাত।
প্ৰথম পৰ্যায়ত ২৫১টা আৰু দ্বিতীয় পৰ্যায়ত ১৬৯ জিলা পৰিষদ সামৰি লোৱা হ’ব। ৰাজ্যৰ মুঠ ৪২০টা জিলা পৰিষদত হ’ব পঞ্চায়ত নিৰ্বাচন। ২,১৯৯টা গাঁও পঞ্চায়ত সভাপতি পদ আৰু ২১,৯৯০টা গাঁও পঞ্চায়ত সদস্য পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।
নিৰ্বাচন আয়োগে জনোৱা মতে, নিৰ্বাচনৰ বাবে জিলা পৰিষদৰ প্ৰাৰ্থীয়ে খৰচ কৰিব পাৰিব ৬.৪০ লাখ টকা। আনহাতে, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে ১.৬০ লাখ টকা খৰচ কৰিব পাৰিব নিৰ্বাচনত। সভাপতি পদৰ প্ৰাৰ্থীয়ে সৰ্বাধিক খৰচ কৰিব পাৰিব ১.৬০ লাখ টকা। পঞ্চায়ত সদস্যৰ প্ৰাৰ্থীয়ে খৰচ কৰিব পাৰিব ১৬ হাজাৰ টকা।
এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৫৬,৪১,৪৫৬গৰাকী। পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনতকৈ ২১.৪৯ শতাংশ বৃদ্ধি হৈছে ভোটাৰৰ সংখ্যা। ইতিমধ্যে সৰ্বমুঠ ২৩,৫০৫টা ভোট গ্ৰহণ কেন্দ্ৰৰ ৩,৬৬৫টা কেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।
উল্লেখ্য যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰ পৰিৱৰ্তে অকলশৰীয়াকৈ প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ দুই সহযোগী দল অসম গণ পৰিষদ আৰু বিপিএফে। দুয়োটা দলে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই সদৰী কৰিছিল অকলশৰীয়াকৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা।
ইফালে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰীক্ষাসমূহ অহা ১৫ ডিচেম্বৰৰ পিছত অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ অনুৰোধৰ ভিত্তিতে এই নিৰ্দেশ প্ৰদান কৰে উচ্চ শিক্ষা সঞ্চালকালয়ে ।


assam panchayat election 2018

Comments