আহোম ৰাজত্বকালত ডাঙৰীয়া , বিষয়া ফুৰাৰ আৰু ৰাজচ'ৰালৈ অহাৰ নিয়ম : History of Assam
আহোম ৰাজত্বকালত ডাঙৰীয়া , বিষয়া ফুৰাৰ আৰু ৰাজচ'ৰালৈ অহাৰ নিয়ম : স্বৰ্গদেউসকলৰ ৰাজত্বকালত সৰু বৰ বিষয়ববীয়া তথা স্বৰ্গদেউসকলে কৰবাত ফুৰিবলৈ যোৱা আৰু ৰাজচ'ৰালৈ আহোতে বহু নিয়ম মানি চলিছিল । বিষয় বাবৰ মৰ্য্যদা অনুসৰী নিয়মৰ পাৰ্থক্য আছিল । ডাঙৰীয়াসকলে উঠা ঘোঁৰা আৰু হাতী বাণত সিয়া জৰীৰে সজায় আৰু ঠেঙত নেপুৰ পিন্ধায় । ঘোঁৰাৰ ওপৰত হালধীয়া পাটৰ কাপোৰৰ তলচা পাৰে আৰু হাতীৰ ওপৰতো কাপোৰ পাৰে । তেওঁলোকৰ আগে আগে চৈ লগোৱা দোলাও যায় । বাটত স্বৰ্গদেউৰ লগত অগা ভেটা হ'লে স্বৰ্গদেউৱে যি বাহনত উঠি যায় , সেই বাহনতে নাইবা কেপকৰা তলচাৰ নুৰাতে ডাঙৰীয়াসকলে উঠি স্বৰ্গদেউক দেখা কৰাৰ নিয়ম । ৰাজমাও দেউতা , বৰজনা আইকুঁৱৰীদেও আৰু পৰ্বতীয়া আইকুঁৱৰীদেওক সকলোৱে স্বৰ্গদেউওৰ দৰেই সন্মান কৰে , কিন্তু শিঙৰী ঘৰত উঠিলেহে ডাঙৰীয়াসকলে তেওঁলোকক সেৱা কৰে । দাঁতিয়লীয়া গোঁহাইদেও তিনিজনে বাটত স্বৰ্গদেউক দেখা পালে ডাঙৰীয়া তিনিজনৰ দৰেই দেখা কৰাৰ নিয়ম । মেলডগীয়া গোঁহাইদেও আৰু দাঁতিয়লীয়া গোঁহাইদেওসকলৰ সৈতে ডাঙৰীয়াসকলৰ বাটত ভেটা ভেটী হলে তেওঁলোক দোলাতে থাকি ডাঙৰীয়াসকলক বাট এৰি দিব লাগে । বৰবৰুৱা , বৰফুকন , চ'ৰাফুকন আ...