আহোম ৰাজত্বকালত ডাঙৰীয়া , বিষয়া ফুৰাৰ আৰু ৰাজচ'ৰালৈ অহাৰ নিয়ম : History of Assam

আহোম ৰাজত্বকালত ডাঙৰীয়া , বিষয়া ফুৰাৰ আৰু ৰাজচ'ৰালৈ অহাৰ নিয়ম :
The history of Assam is the history of a confluence of people from the east, west and the north; the confluence of the Tibeto- Burman Timeline of the History of Assam, the important dates in its history against important events elsewhere Assam is a state in Northeast India, situated south of the eastern Himalayas along the Brahmaputra and ... Capital: Dispur Assam, state of India. It is located in the northeastern part of the country and is bounded to the north by the kingdom of Bhutan and the At this time, Assam was known as Kamarupa ( Pragjyotisha), which was crystallised in a kingdom of the same name that emerged into assamese history assamese historycal place Assam history Assamese history Assam historical places Onlineassam.ooo

  স্বৰ্গদেউসকলৰ ৰাজত্বকালত সৰু বৰ বিষয়ববীয়া তথা স্বৰ্গদেউসকলে কৰবাত ফুৰিবলৈ যোৱা আৰু ৰাজচ'ৰালৈ আহোতে বহু নিয়ম মানি চলিছিল । বিষয় বাবৰ মৰ্য্যদা অনুসৰী নিয়মৰ পাৰ্থক্য আছিল । ডাঙৰীয়াসকলে উঠা ঘোঁৰা আৰু হাতী বাণত সিয়া জৰীৰে সজায় আৰু ঠেঙত নেপুৰ পিন্ধায় । ঘোঁৰাৰ ওপৰত হালধীয়া পাটৰ কাপোৰৰ তলচা পাৰে আৰু হাতীৰ ওপৰতো কাপোৰ পাৰে । তেওঁলোকৰ আগে আগে চৈ লগোৱা দোলাও যায় । বাটত স্বৰ্গদেউৰ লগত অগা ভেটা হ'লে স্বৰ্গদেউৱে যি বাহনত উঠি যায় , সেই বাহনতে নাইবা কেপকৰা তলচাৰ নুৰাতে ডাঙৰীয়াসকলে উঠি স্বৰ্গদেউক দেখা কৰাৰ নিয়ম । ৰাজমাও দেউতা , বৰজনা আইকুঁৱৰীদেও আৰু পৰ্বতীয়া আইকুঁৱৰীদেওক সকলোৱে স্বৰ্গদেউওৰ দৰেই সন্মান কৰে , কিন্তু শিঙৰী ঘৰত উঠিলেহে ডাঙৰীয়াসকলে তেওঁলোকক সেৱা কৰে । দাঁতিয়লীয়া গোঁহাইদেও তিনিজনে বাটত স্বৰ্গদেউক দেখা পালে ডাঙৰীয়া তিনিজনৰ দৰেই  দেখা কৰাৰ নিয়ম । মেলডগীয়া গোঁহাইদেও আৰু দাঁতিয়লীয়া গোঁহাইদেওসকলৰ সৈতে ডাঙৰীয়াসকলৰ বাটত ভেটা ভেটী হলে তেওঁলোক দোলাতে থাকি ডাঙৰীয়াসকলক বাট এৰি দিব লাগে । বৰবৰুৱা , বৰফুকন , চ'ৰাফুকন আৰু চমুৱাফুকনসকলে ডাঙৰীয়াসকলক বাটত লগ পালে দোলা বা চাঙীৰ পৰা নামি দিয়ে আৰু চাঙীখন লুকুৱাই থয় । বৰদুৱাৰৰ মুখতে ডাঙৰীয়াসকলে দোলা , আৰোৱান , দা ষাঠী, বৰছি আদি সকলো আহিলা এৰি তিনিগছমান ৰঙা ষাঠি আৰু বৰছিৰে নগৰ সোমাব লাগে । তেওঁলোকৰ মূৰৰ ওপৰত জাপি ধৰোঁতাই সোণৰ চুলাৰে পানীজাপি ধৰি যায় ।

The history of Assam is the history of a confluence of people from the east, west and the north; the confluence of the Tibeto- Burman Timeline of the History of Assam, the important dates in its history against important events elsewhere Assam is a state in Northeast India, situated south of the eastern Himalayas along the Brahmaputra and ... Capital: Dispur Assam, state of India. It is located in the northeastern part of the country and is bounded to the north by the kingdom of Bhutan and the At this time, Assam was known as Kamarupa ( Pragjyotisha), which was crystallised in a kingdom of the same name that emerged into assamese history assamese historycal place Assam history Assamese history Assam historical places

      বৰবৰুৱা ঘৰৰ পৰা ৰাজচ'ৰালৈ আহোঁতে দুশাৰী টাঙোন ধৰাই হাতত টাঙোন লৈ তেওঁক ৰখি থাকে । বৰবৰুৱাৰ লগত ৰূপৰ চুলাৰে পানীজাপি , টুপী , জাপি , খেৰপাখিবিচনী , পাঁচনিহতীয়াবিচনী , আগখঁৰা ৰূপৰ বেৰ দিয়া লাখুটি আদি মানুহে লৈ আহে । বৰদুৱাৰৰ মুখতে তেওঁ এইবিলাক বস্তু এৰি খোজ কাঢ়ি নগৰ সোমায় আৰু পিছফালৰ পৰা জাপিধৰাই বৰজাপি ধৰি যায় । তেওঁ বৰচ'ৰাত উঠি পানীপাচত ভৰি ধুই নিজ ঠাইত বহে ।

( সংগৃহীত তথ্যৰ আধাৰত )

Comments