কচুৰ_উপকাৰিতা,কচু_শাক_খোৱাৰ_নীতি_নিয়ম_আৰু_লব_লগা_সাৱধানতা ,Health-tips-assamese Kosu Xaak(Colocasia Leaves)
কচুৰ_উপকাৰিতা
#কচু_শাকৰ_গুণাগুণ(Colocasia)
প্ৰচুৰ পৰিমাণে ভিটামিন A থকাৰ
বাবে চকুৰ বাবে খুবেই উপকাৰী। দৃষ্টিশক্তিৰ দুৰ্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে।
🌿 ৰক্তহীনতা(
anaemia) ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন B6 আৰু ফলেট( folate) থাকে।🌿 কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়। ইয়াত থকা মিথিয়নিন( methionine) আৰু আহে( dietary fiber) কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড( triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
🌿 উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে । আৰু ইয়াত থকা ভিটামিন B6 এ হ'ম'চিষ্টিন( homocystine) নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক(stroke) হোৱাত বাধা প্ৰদান কৰে। 🌿 ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।
🌿 গৰ্ভৱতী তিৰোতাই মাজে সময়ে কচু শাক খাব লাগে। কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে। ইয়াৰ উপৰিও ভ্ৰূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট উপকাৰী।
🌿 ইয়াত থকা আঁহৰ বাবে ই কোষ্ঠ কাঠিন্য আৰু IBS ৰোগত উপকাৰী।
🌿 প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে।
🌿 ভিটামিনৰ অভাৱত বা বীজাণু সংক্ৰমণ জনীত মুখত ঘাঁ (mouth ulcer) হলে কচু খালে সুফল পোৱা যায়। হালধি পাতত থুৰি কচু, জালুক কেইটামান, নহৰু কেইফুটামান, নেমুৰ আগ দুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে।
🌿 প্ৰসূতা তিৰোতাক মাগুৰ, শিঙি, গৰৈ, কাৱৈ আদি কাঠ মাছৰ লগত কচু থুৰীৰ জালুকীয়া খাবলৈ দিয়া হয়। এইবিধ ব্যঞ্জনে প্ৰসূতিৰ শৰীৰত হিমগ্লবিনৰ নাটনি হোৱাত বাধা দিয়ে আৰু লগতে গৰ্ভাশয়ক স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে। তদুপৰি ইয়াত জালুক দিয়া হয় বাবে দুগ্ধ উৎপাদনত সহায় হয়। সাধাৰণতে কেঁচুৱা জন্মৰ ৩ বা ৫ দিনত কচু থুৰিৰ জাল খাবলৈ দিয়া হয়। ই সম্পূৰ্ণ বিজ্ঞানসন্মত ব্যঞ্জন।

#কচু_শাক_খোৱাৰ_নীতি_নিয়ম_আৰু_লব_লগা_সাৱধানতা:-
🌿 যিকোনো খাদ্য সামগ্ৰী যদিও উৎকৃষ্ট গুনেৰে ভৰপূৰ তথাপি কোনো কোনো ৰোগত সি অপথ্যও হব পাৰে। কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী ।কিন্তু কিছুমান ৰোগত অপকাৰী । যেনে :-🌿 কিডনি ষ্টোন হলে কচু খোৱা অনুচিত। কিয়নো ইয়াত থকা প্ৰচুৰ পৰিমাণৰ কেলচিয়াম অক্সলেটে( calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে। বেছিভাগ কিডনী স্টোন অক্সলেট স্টোন হয়। সেয়েহে পাথৰ হোৱা ৰোগীয়ে কচু খোৱা অনুচিত। নিৰোগী লোকেও অত্যাধিক পৰিমানে কচু নোখোৱা ভাল। অন্যথা কিডনী পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
🌿 ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে।অত্যাধিক খালে লিভাৰত বেছি পৰিমাণে ভিটামিন A সঞ্চিত হয়। ভিটামিন A ফেটত হে দ্ৰবিত হয়( fat soluble)সেয়েহে লিভাৰৰ বিভিন্ন ৰোগ যেনে জণ্ডিচ, ফেটি লিভাৰ( fatty
liver), লিভাৰ বৃদ্ধি বা enlarged লিভাৰ আদিত কচু বেছি নোখোৱাই ভাল। অন্যথা লিভাৰৰ ওপৰত অতিৰিক্ত বোজা আহি পৰে ৷
🌿 এলাৰ্জি জনীত বহু ৰোগত কচু অপথ্য। কাৰণ তেনে অৱস্থাত ৰোগৰ উপদ্ৰৱ বৃদ্ধি হব পাৰে। তদুপৰি কিছুমান লোকৰ কচু খালেও এলাৰ্জী হয়। গতিকে এলাৰ্জি হোৱাৰ সময়ত কচু নাখাব।
🌿 অৰ্শ ৰোগত কচু থুৰি খাব নালাগে। কাৰণ ইয়াত বেছিকৈ লৌহ বা আইৰণ আছে। গতিকে বেছিকৈ কচু খালে কৌষ্ঠকাঠিন্য হৈ ৰোগৰ বৃদ্ধি হব পাৰে।অৱশ্যে অৰ্শ ৰোগত উলকচু উপকাৰী
Courtesy from fb
Comments
Post a Comment