বজাৰত পোৱা কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ সলনি ঘৰতে প্ৰকৃতিৰ বুকুত পোৱা পাচলি, ফলেৰে ফেচপেক কেনেকে বনাব ? How to make face packs at home in assamese

    বজাৰত পোৱা কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ সলনি ঘৰতে প্ৰকৃতিৰ বুকুত পোৱা পাচলি, ফলেৰে ফেচপেক বনাব পাৰি। এনেধৰণৰ ফেচপেকে ছালৰ কোনো ক্ষতি নকৰে।
How to make face packs at home in assamese ,assamese health tips,health tipes in assamese ,assamese beauty  tips ,face beauty tips in assamese ,how to make beauty face at home how to get more cute at home in assamese

#ছাল উজ্জ্বল, সজীৱ আৰু মসৃণ কৰা কেইটামান ফেচপেকৰ বিষয়ে জানো আহকচোন-
#নেমুৰ ৰস আধা চামুচৰ লগত দুই চামুচ মৌ মিহলাই মুখ, হাত আৰু ডিঙিত লগাওক। ১০-১৫ মিনিটৰ পিছত শীতল পানীৰে ধোৱক। ছাল উজ্বল হোৱাৰ লগতে সজীৱতা আহিব।
#তুলসীৰ পাত পাঁচ-ছয়টা মিহলাই মুখত লগাওক। শুকালে শীতল পানীৰে ধুই দিয়ক। ছাল মসৃণ আৰু উজ্বল হ’ব।
#সেউজীয়া বুটৰ গুড়ি, তুলসীৰ পাতৰ ৰস আৰু অকণমান গাখীৰ মিহলাই মিশ্ৰণখিনি মুখত লগাই দহ মিনিট পিছত মুখখন ধুই দিয়ক।
#কমলা টেঙাৰ ৰস মুখ, হাত আৰু গলধনত লগাই ২০ মিনিট পিছত মুখখন ধুই দিয়ক।
#কমলা টেঙাৰ ৰস মুখ, হাত আৰু গলধনত লগাই ২০ মিনিট পিছত কুহুমীয়া পানীৰে মুখ, ডিঙি, হাত, গলধন পৰিষ্কাৰ কৰক।
#বেচন দৈৰ লগত মিহলাই সদায় মুখত লগালে মুখ পৰিষ্কাৰ আৰু উজ্জ্বল হৈ থাকে।
#গাখীৰ মেথি গুড়িৰ লগত মিহলাই মুখত সানত। শুকালে পৰিষ্কাৰ গৰম (কুহুমীয়া) পানীৰে ধুই দিয়ক।
#কণীৰ বগা অংশৰ লগত মৌ মিহলাই মুখত লগাই ১০-১৫ মিনিট পিছত শীতল পানীৰে পৰিষ্কাৰ কৰক। ছাল উজ্জ্বল হ’ব।
#বাদাম তিনিটা গুড়ি কৰি, দৈ আৰু মৌৰ লগত মিহলাই পেষ্ট বনাই মুখত বিশ মিনিট ৰাখি শীতল পানীৰে মুখ পৰিষ্কাৰ কৰক।
#নাৰিকলৰ পানীৰ লগত আনাৰসৰ ৰস মিহলাই মুখত লগালে ছাল সতেজ আৰু উজ্জ্বলতা বাঢ়ে।
এচামুচ বেচনৰ লগত এক চিকুট হালধি আৰু গাখীৰ মিলাই সেই পেষ্ট মুখত ১৫-২০ মিনিট পিছত শীতল পানীৰে ধুই দিয়ক।
#এক চামুচ বাৰ্লি, এক চামুচ মৌ আৰু আধা চামুচ নেমুৰ ৰস মিহলাই মুখত লগাওক শুকালে পানীৰে ধুই দিয়ক। ছাল মসৃণ হৈ পৰিব।
#ৰঙালাও মিহিকৈ পিহি, কণীৰ কুহুম আৰু গাখীৰৰ লগত মিহলাই পেষ্ট বনাই সেই পেষ্ট মুখত ২০ মিনিট ৰাখি ধুই দিয়ক। ছাল কোমল আৰু উজ্জ্বল হ’ব।
#এচামুচ গাজৰৰ ৰসৰ লগত এচামুচ আনৰসৰ ৰস মিহলাই মুখত লগাওক। শুকালে ধুই দিয়ক।
ওপৰৰ টিপছ্‌বোৰৰ যিকোনো এটা ঘৰত যিদিনা যিবিধ পাচলি বা ফল থাকে তাৰে কৰিব পাৰি।

Comments

Popular posts from this blog

শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat

panchayat election assam date 2018 | পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী