৩০ দিনৰ পাছত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰল, ডিজেলৰ মূল্য।আন্ত:ৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি খনিজ তেলৰ মূল্য



দহ দিনত বৃদ্ধি পালে পেট্ৰল, ডিজেলৰ মূল্য
আন্ত:ৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি খনিজ তেলৰ মূল্য 
********/******************************


  ৩০ দিনৰ পাছত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰল, ডিজেলৰ মূল্য। বৃহস্পতিবাৰে পেট্ৰলৰ মূল্য ১৬ পইচালৈ বৃদ্ধি পোৱাৰ বিপৰীতে  ডিজেলৰ মূল্য বৃদ্ধি পালে ১২ পইচালৈ।

  ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৫.৫৫ টকাৰ পৰা ৭৫.৭১ টকালৈ বৃদ্ধি হোৱাৰ লগতে ডিজেলৰ মূল্য ৬৭.৩৮ টকাৰ পৰা ৬৭.৫০ টকালৈ বৃদ্ধি পাইছে। একেদৰে গুৱাহাটী মহানগৰীতো পেট্ৰল,ডিজেলৰ বৰ্ধিত মূল্যই জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে। বৃহস্পতিবাৰে মহানগৰীত পেট্ৰলৰ মূল্য সৰ্বাধিক ৭৭.৮৬ টকা হয়গৈ।  বিগত ২৫ জুনৰ পৰা গুৱাহাটীত পেট্ৰলৰ মূল্য স্থিৰ হৈ থকাৰ পিছত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ২০ পইচাকৈ বৃদ্ধি হয়। ২৫ জুনত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭৭.৬৬ টকাৰ পৰা সৰ্বাধিক ৭৭.৮৬ টকালৈ বৃদ্ধি পায়।


পেট্ৰলৰ লগতে গুৱাহাটীত ডিজেলৰ মূল্যও  বৃহস্পতিবাৰে প্ৰাৰম্ভিক মূল্যতকৈ ১৬ পইচাকৈ বৃদ্ধি পায়। এই মূল্য বিগত ২৫ জুনৰ পৰা  ৭০.৪৪ টকা হৈ থকাৰ বিপৰীতে বৃহস্পতিবাৰে ৭০.৪৯ টকা হয়গৈ।


পেট্ৰল,ডিজেলৰ এই বৰ্ধিত মূল্য সন্দৰ্ভত আই অ চিৰ অধ্যক্ষ সঞ্জীৱ সিঙে সদৰী কৰা অনুসৰি ইৰাণত ঘটি থকা বিভিন্ন সমস্যাৰ বাবে খনিজ তেলৰ আমদানিত প্ৰতি বেৰেল তেলত যথেষ্ট মূল্য ভৰিবলগীয়া হৈছে।

Courtesy fb

Comments

Popular posts from this blog

শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat

সন্জুয়ে ভংগ কৰিছে বহু চিনেমাৰ ৰেকৰ্ড , জানক সন্জুৰ উপাৰ্জন,Sanju box office collection

কচুৰ_উপকাৰিতা,কচু_শাক_খোৱাৰ_নীতি_নিয়ম_আৰু_লব_লগা_সাৱধানতা ,Health-tips-assamese Kosu Xaak(Colocasia Leaves)