শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat


শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী--------------✿

বুঢ়ীগোসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়☀✌
History of buri gosani dewal jorhat,buri gosani templa jorhat in assamese, jorhat Assam femas template buri gosani devalay history in assamese


১৭০৮ চনত জয়ন্তীয়া ৰজা ৰামসিংহ‍ই কছাৰী ৰজা তাম্ৰধ্বজক হৰুৱাই আহোম ৰজাৰ বশ্যতা অস্বীকাৰ কৰে। তেতিয়া আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ‍ই জয়ন্তীয়া ৰজাক আক্ৰমণ কৰি পৰাস্ত কৰে। জয়ন্তীয়া ৰাজ্য দমন কৰোঁতে সেই ৰাজ্যৰ আন আন উপঢৌকনৰ লগতে বুঢ়ী গোঁসানীৰ মূৰ্তি আৰু যোনিকো স্বৰ্গদেৱে গড়গাঁৱলৈ আনিবলৈ ইচ্ছা কৰে। তেতিয়া জয়ন্তীয়া ৰাজ-পৰিয়াল শাক্ত আছিল আৰু জয়ন্তীয়া গোসানী জাগ্ৰত বুলি সৰ্বসাধাৰণে বিশ্বাস কৰিছিল। জয়ন্তেশ্বৰী দেৱীক আহোম ৰাজ্যলৈ আনিবলৈ খোজাত আহোম সেনাৰ মাজত হেনো নানা যোগে দেখা দিলে। তাৰপিছত আহোম সেনাপতিক দেৱীয়ে সপোনত দেখা দি কয় যে তেওঁ সেই দেশ এৰি নাযায় আৰু আহোমসকলে মূৰ্তি নিব খুজিলে বুঢ়ী নৈৰ কানত থকা সোসানীৰ মূৰ্তি আৰু যোনি নিব পাৰে। এই সপোনৰ পিছত আহোম সেনাপতিয়ে বুঢ়ী নৈৰ কানৰ পৰা দেৱীৰ মূৰ্তি আনি স্বৰ্গদেউক দিয়েহি। বুঢ়ী নৈৰ কানৰ পৰা অনা বাবেই এইজনা মূৰ্তিক ✿বুঢ়ীগোসানী✿ বুলি কয় বুলি অনুমান কৰা হয়☀

জয়ন্তীয়াৰ পৰা গোসানীক আনোতে লগতে পূজাৰী সনাতনক অনা হৈছিল। বৰ্তমানৰ পূজাৰীসকল সেই সনাতনৰেই সতি-সন্ততি। স্বৰ্গদেৱে তেওঁলোকক "পূজাঘৰীয়া বৰুৱা" উপাধিৰে সন্মানিত কৰিছিল☀ স্বৰ্গদেউ ৰাজনগৰৰ পৰা কিবা কৰণত বাহিৰলৈ গ'লে পূজাৰীয়ে গোসানীকো লগত লৈ গৈছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী তুলি আনোতে বুঢ়ী গোসানীকো যোৰহাটলৈ লৈ অনা হয়। এই দেৱালয় বৰ্তমান যোৰহাট নগৰৰ গড় আলিৰ পূবে দেৱালয় পথত স্থাপিত☀
দেৱালয়ত থকা সোণৰূপৰ ছত্ৰ, ফুল, কোষা-অৰ্ঘা, তামি, বলিকটা দা আদিত ওজন আৰু কোনে সেয়া গঢ়াই দিছিল সকলো স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ নামেৰে লিখি থোৱা হৈছিল। যোৰহাটলৈ ৰাজধানী অনাৰ পিছত মৰাণ আৰু মানৰ উপদ্ৰৱত আহোমসকলে বুঢ়ী গোসানীৰ দ'ল সজাব নোৱাৰিলে। কালক্ৰমত দেৱালয়ৰ মাটি-বাৰী আৰু সেৱায়তৰ তামৰ ফলিখনো হেৰাল। সেইবাবেই ব্ৰিটছৰ দিনত এই দেৱালয়ে একো সাহায্য নাপালে। পুৰন্দৰ সিংহ‍ই বৰ্তমানৰ দেৱালয় থকা ঠাইতে খেৰৰ ঘৰ সাজি পূজাৰ ব্যৱস্থা কৰি দিছিল। ৰায় বাহাদুৰ ৰাধাকন্ত সিংহ‍ই চৰকাৰলৈ লিখা-মেলা কৰি মাটিখিনি দিয়ালে আৰু কৰ ৰেহাই দিয়ালে। ৰাইজৰ বৰঙণিৰে সজা টিনৰ ঘৰটো বৰভুঁইকপত নষ্ট হোৱাত পিছাত বৰ্তমানৰ ঘৰটো সজা হয়☀✌ 



লেখক - বিশ্বজিৎ চক্ৰৱৰ্তী
ধন্যবাদ

Comments

Popular posts from this blog

সন্জুয়ে ভংগ কৰিছে বহু চিনেমাৰ ৰেকৰ্ড , জানক সন্জুৰ উপাৰ্জন,Sanju box office collection

কচুৰ_উপকাৰিতা,কচু_শাক_খোৱাৰ_নীতি_নিয়ম_আৰু_লব_লগা_সাৱধানতা ,Health-tips-assamese Kosu Xaak(Colocasia Leaves)