প্ৰেৰণামূলক কিছু কথা । প্ৰতিবন্ধকতা কেতিয়াও বাধা হ'ব নোৱাৰে ।TOP 5 INSPIRATIONAL MEN

"প্ৰতিবন্ধকতা কেতিয়াও বাধা হ'ব নোৱাৰে"
.
.প্ৰেৰণামূলুক কিছু কথা
,
আমি শাৰীৰিকভাৱে সুস্থ থকাতকৈ কিন্তু মানসিকভাৱে সুস্থ থকাটো বহুত জৰুৰী। আজি মই যিকেইজন মহান ব্যক্তিৰ সম্পৰ্কে কম বা আলোচনা কৰিম তেওঁলোকৰ কোনোৱে শাৰীৰিকভাৱে সুস্থ নাছিল কিন্তু মানসিকভাৱে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ আছিল ___
,
১।  "টমাছ আলভা এডিচন" এখেতৰ বিষয়ে সকলোৱে জানে নিশ্চয়। তেখেতেই বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল। তেখেতক স্কুলত নামভৰ্তি কৰাৰ ঠিক ৩ মাহ পাছতেই স্কুলৰ পৰা ওলাই দিছিল কাৰণ তেখেত আছিল "বধিৰ", এজন স্বাভাৱিক মানুহৰ দৰে কাণেৰে শুনা নাছিল।
,
২।  "মিল্টন" গোটেই বিশ্বত আলোড়ন সৃষ্টিকাৰী আমেৰিকান লেখক। বিখ্যাত বিখ্যাত কবিতা সৃষ্টি কৰি জয় কৰিছিল সমগ্ৰ বিশ্ববাসীৰ মন প্ৰাণ। কিন্তু তেখেত আছিল, "অন্ধ"।

,
৩।  আমেৰিকান ৰাষ্ট্ৰপতি "ৰুজভেল্টক" কোনেনো চিনি নাপায়। তেখেত আছিল সেই সময়ৰ সকলো ৰাজনীতিবিদৰ আদৰ্শ কিন্তু তেখেতে খোজ কাঢ়িব পৰা নাছিল, হুইলচেয়াৰত চলা-ফুৰা কৰিব লাগিছিল।
,
৪।  "ষ্টিফেন হকিং"  নিউটনৰ পাছতে যাক পদাৰ্থ বিজ্ঞানৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী বুলি কোৱা হয়। মহাকাশ, এলিয়েন সম্পৰ্কীয় চিন্তাধাৰাই গোটেই
বিশ্বকে অবাক কৰি দিছিল। কিন্তু তেখেত আছিল "পঙ্গু"। নিজে নিজৰ একো কামেই কৰিব পৰা নাছিল।

,
৫। "নিক ভুজিচিক" বৰ্তমান বিশ্বত অনুপ্ৰেৰণাৰ অন্য এটা নাম। কিন্তু তেখেতৰ হাত, ভৰি একো নাই।তেখেতে ৫৭ খনতকৈও অধিক দেশত অনুপেৰণামূলক অাৰু বিভিন্ন বিষয়ত ৩০০০ বাৰতকৈও অধিক বক্তব্য দিছে ।

,
 এনেকুৱা যে কিমান মানুহ আছে কৈ শেষ কৰিব নোৱাৰি।এডিচন, মিল্টন, ৰুজভেল্ট, হকিং আৰু নিক তেওঁলোকৰ কোনেও শাৰীৰিকভাৱে পৰিপূৰ্ণ নাছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেখেতসকলৰ প্ৰতিবন্ধকতাই তেখেতসকলক কেতিয়াও বাধা দি ৰাখিব পৰা নাছিল। তেখেতসকলৰ এই অসুবিধা লৈ ঘৰতো বহি থকা নাই বৰঞ্চ এই অসুবিধাবোৰ টনিক হিচাপে লৈ আগুৱাই গৈছে আৰু বিশ্বৰ প্ৰতিজনৰে হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। মাথো সৃষ্টি কৰ্তাই হে জানে তেখেতসকল একো একোজন পৰিপূৰ্ণ মানুহ হ'লে কি কৰিলেহেঁতেন।
,
"Moral of the story"
_________________
আপুনি যি পৰ্য্যায়তে, যি পৰিস্থিতিতে নাথাকক কিয় সকলো সময়তে মানসিকভাৱে উন্নত থাকিব, সবল থাকিব। তেতিয়া কোনো বাধাই আপোনাৰ প্ৰতিবন্ধকতা হৈ থিয় দি নোৱাৰিব।
************************************
.
.
( সংগ্ৰহ )

Comments

Popular posts from this blog

শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat

panchayat election assam date 2018 | পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী