নেলছন মেণ্ডেলাৰ কিছু অনুপ্ৰেৰণামূলক বাণী || Read the most important speech Nelson Mandela ever gave -onlineassam.ooo/motivational story

নেলছন মেণ্ডেলাৰ কিছু অনুপ্ৰেৰণামূলক বাণীঃ
----------------------------------


নেলছন মেণ্ডেলা দক্ষিণ আফ্রিকাৰ প্রথম নির্বাচিত ৰাষ্ট্ৰপতি আৰু নোবেল বঁটা বিজয়ী নাগৰিক, তেখেতৰ নেলছন মেণ্ডেলাৰ জন্ম হয় ১৯১৮ চনৰ ৯ জুলাইত দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতাকৰ নাম হেনৰি গিডলা। হেনৰি গিডলা এজন ৰাজনীতিজ্ঞ আছিল। দক্ষিণ আফ্রিকাৰ বর্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজি ২৭ বছৰ কাৰাবাস খাটিছিল । ১৯৯০ চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে, তাৰ চাৰিবছৰ পাছতেই দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি নির্বাচিত হয়।
.
👉বিভিন্ন সমস্যা কিছু মানুহক ধ্বংস কৰি দিয়ে আকৌ বেলেগক গঢ়ি তোলে। যি মানুহে চেষ্টা অব্যাহত ৰাখে, তাৰ আত্মাক কাটি পেলোৱাৰ দৰে যথেষ্ট ধাৰ কোনো কুঠাৰ নাই। আশাৰ দৰে অস্ত্ৰ যাৰ ওচৰত আছে, সি শেষ পৰ্যন্ত টিকি থাকিবই।
👉কোনো কাম শেষ নোহোৱা পৰ্যন্ত সেইটোক সকলো সময়তে অসম্ভৱ বুলি মনে হয়।
👉স্বাধীন মনৰ অধিকাৰী বন্ধুক মই পছন্দ কৰোঁ। কাৰণ সিহঁতে বিভিন্ন সমস্যাক সকলো ধৰণৰ দৃষ্টিকোণৰ পৰা দেখিবলৈ আপোনাক সহায়তা কৰে।
👉জনসাধাৰণৰ মুক্তিৰ বাবে সকলো ত্যাগ কৰিবলৈ প্ৰকৃত নেতাই সদায় প্ৰস্তুত থাকিব লাগিব।
👉প্ৰত্যেকেই নিজা নিজা পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ঊৰ্ধ্বত উঠিব পাৰে আৰু সাফল্য অৰ্জন কৰিব পাৰে, যদি তেওঁ যি কৰিছে তাৰ প্ৰতি সঁচাকৈয়ে আন্তৰিকতা থাকে।
👉বিশ্বক সলনি কৰি দিয়াৰ সবাতোকৈ শক্তিশালী যি অস্ত্ৰটো আপুনি ব্যৱহাৰ কৰিব পাৰে, তাৰ নাম শিক্ষা।
👉মই শিকিছোঁ, উৎসাহ মানে ভয়ৰ অনুপস্থিতি নহয়, বৰঞ্চ ভয়ৰ বিৰুদ্ধে জয়। সাহসী ব্যক্তি তেওঁ নহয়, যিয়ে ভয় নাপায়, বৰঞ্চ তেওঁৱেই সাহসী, যিয়ে ভয়ক জয় কৰিব পাৰে।
👉মুক্তি মানে কেৱল এজনৰ শৃংখল ছিঙি পেলোৱা নহয়, মুক্তি মানে হ'ল বেলেগৰ সন্মান আৰু মুক্তি নিশ্চয় কৰা, এনে জীৱনযাপন।
👉পিছফালৰ পৰা নেতৃত্ব দিয়ক আৰু বেলেগক ভাবিবলৈ দিয়ক যে সিহঁতেই সন্মুখত আছে।
👉মোৰ সাফল্য দি মোক বিচাৰ নকৰিব, মোক বিচাৰ কৰক মই কতবাৰ ব্যৰ্থ হৈছিলো আৰু আকৌ উঠি থিয় হৈছিলো।
👉মই যিকোনো ধৰনৰ বৰ্ণবাদী বৈষম্যক সবাতোকৈ তীব্ৰভাৱে ঘৃণা কৰোঁ। গোটেই জীৱন মই ইয়াৰ বিৰুদ্ধে যুঁজি আছো, এতিয়াও কৰিছোঁ আৰু জীৱনৰ শেষ দিন পৰ্যন্ত বৰ্ণবাদৰ বিৰুদ্ধে যুঁজি যাম।
👉এটা ভাল মস্তিষ্ক আৰু এটা ভাল হৃদয় সকলো সময়তে এটা দুৰ্দান্ত সন্মিলন।



সংগ্ৰহক

Comments