শীঘ্ৰেই বিবাহ-পাশত আবদ্ধ হ'ব ৰণবীৰ-দীপিকা।ইটালীত বিবাহ সম্পন্ন কৰিব ৰণবীৰ দীপিকাই Deepika Padukone And Ranveer Singh's Wedding Date Finalised?
শীঘ্ৰেই বিবাহ-পাশত আবদ্ধ হ'ব ৰণবীৰ-দীপিকা।
ইটালীত বিবাহ সম্পন্ন কৰিব ৰণবীৰ দীপিকাই
*****************************************
শীঘ্ৰেই বিবাহ-পাশত আবদ্ধ হ'ব ৰণবীৰ-দীপিকা। চলিত বৰ্ষৰ শেষৰ ভাগলৈ যুগ্ম জীৱনৰ আৰম্ভণি কৰিব বলীউডৰ এই দুই তাৰকা অভিনেতা-অভিনেত্ৰীয়ে।
বলিউডত এতিয়া বিবাহৰ বতৰ। এই বিয়াৰ বতৰৰ আমেজ ল'বলৈ সাজু ৰণবীৰ-দীপিকাও। ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিবাহক লৈ বলীউডত অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা।
বাজিৰাও-মাস্তানীৰ সোনালী পৰ্দাৰ বিবাহ শীঘ্ৰেই দিঠকত পৰিণত হোৱাৰ দিশে। ২০১৮বৰ্ষৰ নবেম্বৰ মাহৰ ১২ ৰ পৰা ১৬ তাৰিখৰ ভিতৰত বিবাহ পাশত আবদ্ধ হোৱা সম্ভাৱনা আছে ৰণবীৰ-দীপিকা। তথ্যনুসৰি ভাৰতৰ পৰিৱৰ্তে ইটালীত বিবাহ সম্পন্ন কৰিব ৰণবীৰ আৰু 'ত্ৰিপ'ল এক্স'ৰ অভিনেত্ৰী দীপিকাই। আনহাতে ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ এই বিবাহত দুয়োটা পৰিয়াল সদস্যৰ সৈতে উপস্থিত থাকিব বলিউড জগতৰ দুখন জনপ্ৰিয় মুখ।
ইটালীত হ'বলগীয়া বিবাহত উপস্থিত থাকিব বলিউডৰ কিং খান শ্বাহৰুখ। 'ওম শান্তি ওম'ৰ জৰিয়তে বলিউড জগতত ভৰি দিয়া দীপিকাৰ বিবাহত উপস্থিত থাকি ৰণবীৰ আৰু দীপিকাক আশীৰ্বাদ দিব শ্বাহৰুখ খানে।
আনহাতে জনপ্ৰিয় তাৰকা অৰ্জুন কাপুৰেও অংশ ল'ব ৰণবীৰ-দীপিকাৰ বিবাহত। ৰণবীৰ কাপুৰৰ 'গুণ্ডে' ছবিখনৰ জৰিয়তে দুয়োজনৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰিছিল। ইতিমধ্য়ে অৰ্জুন কাপুৰে বিবাহত উপস্থিত থকাৰ কথা সন্মতি জনাইছে। উল্লেখ্য যে অনুস্কা শৰ্মাৰ পিছত এইবাৰ ৰণবীৰ সিঙে বিবাহ কৰিব ফেশ্বন নগৰী ইটালীত।
Courtesy

Comments
Post a Comment