পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। petrol price in india today

petrol price in india today
পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। 


পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম মঙলবাৰে হৈছেগৈ ৮৬.৭২টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত দাম হৈছে ৭৫.৭৪ টকা। ১৬ আগষ্টৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য।
দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭৯.৩১টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭১.৩৪টকা হৈছেগৈ। দেশৰ প্ৰায়বোৰ চহৰতে এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অভাৱনীয় হাৰত বৃদ্ধি হৈছে। চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৮২.২৪টকা আৰু কলকাতাত সেই মূল্য ৮২.০৬টকা।
২০১৭চনৰ জুনৰ পৰা প্ৰযোজ্য কৰা নিয়ম অনুসৰি প্ৰতিদিনাই পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস বা বৃদ্ধি কৰা হয়। সেয়েহে সাধাৰণ লোকে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিষয়টো সহজে অনুধাৱন কৰিব নোৱাৰে। সোমবাৰে পেট্ৰ’লৰ মূল্য ৩৯ পইচা বৃদ্ধি হয়। একেদৰে ডিজেলৰ মূল্যবৃদ্ধিও অব্যাহত আছে। ১৬ আগষ্টৰ পৰা পেট্ৰ’লৰ মূল্য ২টকা আৰু ডিজেলৰ মূল্য ২.৪২টকা বৃদ্ধি পাইছে।
চলিত বৰ্ষৰ মে’ৰ ২৮ তাৰিখে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল ৬৯.৩১টকা। টকাৰ মূল্য অৱনমন আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱাতেলৰ মূল্যবৃদ্ধিৰ বাবেই পেট্ৰ’ল-ডিজেলৰ মূল্য এনেদৰে বৃদ্ধি হোৱা বুলি তেল কোম্পানীসমূহে সদৰী কৰিছে।

Comments

Popular posts from this blog

শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat

সন্জুয়ে ভংগ কৰিছে বহু চিনেমাৰ ৰেকৰ্ড , জানক সন্জুৰ উপাৰ্জন,Sanju box office collection

কচুৰ_উপকাৰিতা,কচু_শাক_খোৱাৰ_নীতি_নিয়ম_আৰু_লব_লগা_সাৱধানতা ,Health-tips-assamese Kosu Xaak(Colocasia Leaves)