শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat
শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী --------------✿ বুঢ়ীগোসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়☀✌ ১৭০৮ চনত জয়ন্তীয়া ৰজা ৰামসিংহই কছাৰী ৰজা তাম্ৰধ্বজক হৰুৱাই আহোম ৰজাৰ বশ্যতা অস্বীকাৰ কৰে। তেতিয়া আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক আক্ৰমণ কৰি পৰাস্ত কৰে। জয়ন্তীয়া ৰাজ্য দমন কৰোঁতে সেই ৰাজ্যৰ আন আন উপঢৌকনৰ লগতে বুঢ়ী গোঁসানীৰ মূৰ্তি আৰু যোনিকো স্বৰ্গদেৱে গড়গাঁৱলৈ আনিবলৈ ইচ্ছা কৰে। তেতিয়া জয়ন্তীয়া ৰাজ-পৰিয়াল শাক্ত আছিল আৰু জয়ন্তীয়া গোসানী জাগ্ৰত বুলি সৰ্বসাধাৰণে বিশ্বাস কৰিছিল। জয়ন্তেশ্বৰী দেৱীক আহোম ৰাজ্যলৈ আনিবলৈ খোজাত আহোম সেনাৰ মাজত হেনো নানা যোগে দেখা দিলে। তাৰপিছত আহোম সেনাপতিক দেৱীয়ে সপোনত দেখা দি কয় যে তেওঁ সেই দেশ এৰি নাযায় আৰু আহোমসকলে মূৰ্তি নিব খুজিলে বুঢ়ী নৈৰ কানত থকা সোসানীৰ মূৰ্তি আৰু...