Posts

Showing posts from July, 2018

Royal enfieled bullet ৰ সফলতাৰ কাহিনি Royal enfieled bullet success story in assamese

Image
Royal Enfield bullet success story in Assamese  Royal Enfield bullet ৰ সফলতাৰ কাহিনি bhondho hokol hokolure monot eta asha thake je ekhon Royal Enfieled solua.  Jodiu aapunlake ei bike khonor tv t ad komke dekhiboloi pua jai tothapiu ei bike khonor hoktir kotha sobei jane.      Royal enfieled r aarombhoni aajir pora prai 120 bosoror agote englend t hoisil. Pisot goi e Indian brand hoige .  Royal Enfield r aarombhoni ALBAT ADI aru RW SPEN e 1892 sonot korisil , tetia company r nam asil Eadia Manufacturing Limited aasil .   Pisot 1899 sonot ekon cycle  bonai aaru tar 2 bosor pisot cycle te engine logai Enfieled e prothom motor cycle uliai jot minirma namor company r engine use korisil .       1903 sonot enfiled company e car production koriboloi loi kintu eai business t bohut luksan hoi aru 1907 sonot car bonua company tu Alldays onions namor company etak biki kore .kintu Motor cycle bonua ...

স্বাস্থ্য_ৰক্ষাত_কলমৌ_শাক 15 Best Benefits and Uses Of Water Spinach For Skin, Hair and Health (Assamese Health Tips)

Image
স্বাস্থ্য_ৰক্ষাত_কলমৌ_শাক 🌿 🌿  ইয়াৰ বৈজ্ঞানিক নাম Ipomia aquatica । পানী থকা ঠাইত নাইবা খেতিপথাৰ, সেমেকা ঠাইত ইয়াক সাধাৰণতে দেখিবলৈ পোৱা যায়। অসমীয়া থলুৱা ব্যঞ্জন সমূহৰ ভিতৰত কলমৌ শাকৰ ব্যঞ্জনো লেখত লবলগীয়া। যেনে কলমৌ আৰু আলুৰ শুকান ভাজি,ঢেকীয়া আৰু কলমৌৰ শুকান ভাজি, মচুৰ দাইলৰ লগত বনোৱা কলমৌ শাকৰ আঞ্জা, মাগুৰ শিঙি মাছৰ লগত কলমৌ শাকৰ জোল খুবেই তৃপ্তিদায়ক । কলমৌ শাকত ভিটামিন A, বিভিন্ন প্ৰকাৰৰ ভিটামিন B যৌগ, ভিটামিন C, আইৰণ, আঁহ ( dietary fibre), কেলচিয়াম, মেগনেছিয়াম, মেংগানি জ, পতাছিয়াম, ফচফৰাছ, চডিয়াম, জিঙ্ক ইত্যাদি বহু অত্যাৱশ্যকীয় উপাদান পোৱা থাকে। সেয়েহে স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত কলমৌ শাকৰ ভূমিকা আছে। ইয়াৰ উপকাৰী গুণসমূহ তলত উল্লেখ কৰা হৈছে 🌿 (১).  জণ্ডিচ  আৰু অন্যান্য লিভাৰজনীত ৰোগত কলমৌ শাক উত্তম পথ্য । বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ যাক টকচিন্স ( toxins) বুলি কোৱা হয় সেইবোৰ শৰীৰৰ পৰা নিষ্কাষণ কৰাত ই সহায় কৰে । ইয়াত থকা কিছুমান বিশেষ উপাদানে লিভাৰৰ এঞ্জাইমসমূহক ( enzyme) সক্ৰিয় কৰি লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আ...

নেলছন মেণ্ডেলাৰ কিছু অনুপ্ৰেৰণামূলক বাণী || Read the most important speech Nelson Mandela ever gave -onlineassam.ooo/motivational story

Image
নেলছন মেণ্ডেলাৰ কিছু অনুপ্ৰেৰণামূলক বাণীঃ ---------------------------------- .  নেলছন মেণ্ডেলা দক্ষিণ আফ্রিকাৰ প্রথম নির্বাচিত ৰাষ্ট্ৰপতি আৰু নোবেল বঁটা বিজয়ী নাগৰিক, তেখেতৰ নেলছন মেণ্ডেলাৰ জন্ম হয় ১৯১৮ চনৰ ৯ জুলাইত দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতাকৰ নাম হেনৰি গিডলা। হেনৰি গিডলা এজন ৰাজনীতিজ্ঞ আছিল। দক্ষিণ আফ্রিকাৰ বর্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজি ২৭ বছৰ কাৰাবাস খাটিছিল । ১৯৯০ চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে, তাৰ চাৰিবছৰ পাছতেই দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি নির্বাচিত হয়। . 👉 বিভিন্ন সমস্যা কিছু মানুহক ধ্বংস কৰি দিয়ে আকৌ বেলেগক গঢ়ি তোলে। যি মানুহে চেষ্টা অব্যাহত ৰাখে, তাৰ আত্মাক কাটি পেলোৱাৰ দৰে যথেষ্ট ধাৰ কোনো কুঠাৰ নাই। আশাৰ দৰে অস্ত্ৰ যাৰ ওচৰত আছে, সি শেষ পৰ্যন্ত টিকি থাকিবই। 👉 কোনো কাম শেষ নোহোৱা পৰ্যন্ত সেইটোক সকলো সময়তে অসম্ভৱ বুলি মনে হয়। 👉 স্বাধীন মনৰ অধিকাৰী বন্ধুক মই পছন্দ কৰোঁ। কাৰণ সিহঁতে বিভিন্ন সমস্যাক সকলো ধৰণৰ দৃষ্টিকোণৰ পৰা দেখিবলৈ আপোনাক সহায়তা কৰে। 👉 জনসাধাৰণৰ মুক্তিৰ বাবে সকলো ত্যাগ কৰিবলৈ প্ৰকৃত নেতাই সদায় প...

১২ জুলাই ইতিহাসত আজিৰ দিনটো Historical events for the 12th of July.

Image
১২ জুলাই ইতিহাসত আজিৰ দিনটো ______________________ ______________________ . . ১৮২২ চনত অাজিৰ দিনটোত ইংৰাজ কবি শ্বেলিৰ মৃতু ১৯২৭ চনত অাজিৰ দিনটোত সাহিতিক চন্দ্ৰ প্ৰয়াস শইকীয়াৰ জন্ম । ২০০৬ চনত শিল্পি অাবৃতিকাৰ ঈশান বৰুৱাৰ মৃতু্ ্য ১৮৬৮ চনৰ আজিৰ দিনটোতে জাৰ্মানী কবি, অনুবাদক স্টিফান জর্জৰ জন্ম হয়। ১৯৩৩ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৮৭৬ চনৰ আজিৰ দিনটোতে ফৰাছী কবি, চিত্ৰশিল্পী মেক্স জেকবৰ জন্ম হয়। ১৯৪৪ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯০৪ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী বিশ্বখ্যাত চিলিয়ান কবি আৰু কূটনীতিক পাবলো নেৰুদাৰ জন্ম হৈছিল। তেখেতে ১৯৭১ চনত নোবেল বঁটা লাভ কৰে। ১৯৭৩ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯১৩ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী উইলিছ ল্যাম্বৰ জন্ম হয়। তেখেতে ১৯৫৫ চনত নোবেল বঁটা লাভ কৰে। ২০০৮ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯২৮ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান ৰসায়নবিদ আৰু শিক্ষাবিদ এলিয়াছ জেমছ কোৰৰ জন্ম হয়। . ১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা, গায়ক শিৱ ৰাজকুমাৰৰ জন্ম হয়। . ১৯৯৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ কনিষ্ঠতম ...

জিৰাৰ দহটা উপকাৰীতা 10 Amazing Benefits Of Cumin (Jeera) For Skin, Hair And Health

Image
জিৰাৰ দহটা উপকাৰীতা 10 Amazing Benefits Of Cumin (Jeera) For Skin, Hair And Health       জিৰা আমাৰ আখলৰ এবিধ অপৰিহাৰ্য্য উপাদান । জিৰাৰ এন্টিঅক্সিডেন্ট আৰু নিউট্ৰিয়েন্টচে শৰীৰক বহুতো সমস্যাৰ পৰা ৰক্ষা কৰে। পুণে স্থিত জাহাঙ্ গীৰ হস্পিটালৰ চিনিয়ৰ ক্লিনিকেল এক্জুকিটিভ নিউট্ৰেচনিষ্ট ডাঃ নেহা চিৰ্কেই ৰাতিপুৱা খালি পেটত জিৰা পানী খোৱাৰ পৰামৰ্শ দিয়ে। ৰাতি এগিলাচ পানীত ২ চামুচ জিৰা তিয়াই থব। পুৱা কুহুমীয়া গৰম কৰি চেকি খালি পেটত খাব। ই কেনেধৰণৰ ৰোগীৰ বাবে লাভজনক - ১- যাৰ হাৰ্টৰ প্ৰব্লেম- ই শৰীৰৰ কলেষ্টৰেল লেভেল কমাই হাৰ্ট প্ৰব্লেমৰ পৰা বচায়। ২- যাৰ ডাইবেটিজ হোৱাৰ সম্ভাৱনা আছে, ই বডিত গ্লুকোজ লেভেল সীমিত ৰাখি ডাইবেটিজ হোৱাৰ পৰা ৰক্ষা কৰে। ৩- যাৰ মাচল্চ পেইন আছে। এই পেয়ৰ দ্বাৰা শৰীৰৰ ৰক্ত সঞ্চালন নিয়মীয়া হৈ পেশীবোৰ ৰিলাক্সড হৈ বিষ নোহোৱা হয়। ৪- যাৰ ছালৰ সমস্যা আছে। ইয়াৰ দ্বাৰা শৰীৰৰ টক্সিন বা দূষিত পদাৰ্থ বাহিৰ হৈ শালমইনা আদিৰ পৰা আৰোগ্য কৰে। ৫-যাৰ হজমৰ সমস্যা আছে। ইয়াত থকা ফাইবাৰে ডাইজেচনত সহায় কৰে আৰু এচিডিটিৰ সমস্যাৰ পৰা মুক্তি দিয়ে। ৬- যাৰ শৰীৰৰ ওজন বাঢ়িছ...

শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat

Image
শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী --------------✿ বুঢ়ীগোসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়☀✌ ১৭০৮ চনত জয়ন্তীয়া ৰজা ৰামসিংহ‍ই কছাৰী ৰজা তাম্ৰধ্বজক হৰুৱাই আহোম ৰজাৰ বশ্যতা অস্বীকাৰ কৰে। তেতিয়া আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ‍ই জয়ন্তীয়া ৰজাক আক্ৰমণ কৰি পৰাস্ত কৰে। জয়ন্তীয়া ৰাজ্য দমন কৰোঁতে সেই ৰাজ্যৰ আন আন উপঢৌকনৰ লগতে বুঢ়ী গোঁসানীৰ মূৰ্তি আৰু যোনিকো স্বৰ্গদেৱে গড়গাঁৱলৈ আনিবলৈ ইচ্ছা কৰে। তেতিয়া জয়ন্তীয়া ৰাজ-পৰিয়াল শাক্ত আছিল আৰু জয়ন্তীয়া গোসানী জাগ্ৰত বুলি সৰ্বসাধাৰণে বিশ্বাস কৰিছিল। জয়ন্তেশ্বৰী দেৱীক আহোম ৰাজ্যলৈ আনিবলৈ খোজাত আহোম সেনাৰ মাজত হেনো নানা যোগে দেখা দিলে। তাৰপিছত আহোম সেনাপতিক দেৱীয়ে সপোনত দেখা দি কয় যে তেওঁ সেই দেশ এৰি নাযায় আৰু আহোমসকলে মূৰ্তি নিব খুজিলে বুঢ়ী নৈৰ কানত থকা সোসানীৰ মূৰ্তি আৰু...

প্ৰেৰণামূলক কিছু কথা । প্ৰতিবন্ধকতা কেতিয়াও বাধা হ'ব নোৱাৰে ।TOP 5 INSPIRATIONAL MEN

Image
"প্ৰতিবন্ধকতা কেতিয়াও বাধা হ'ব নোৱাৰে" . .প্ৰেৰণামূলুক কিছু কথা , আমি শাৰীৰিকভাৱে সুস্থ থকাতকৈ কিন্তু মানসিকভাৱে সুস্থ থকাটো বহুত জৰুৰী। আজি মই যিকেইজন মহান ব্যক্তিৰ সম্পৰ্কে কম বা আলোচনা কৰিম তেওঁলোকৰ কোনোৱে শাৰীৰিকভাৱে সুস্থ নাছিল কিন্তু মানসিকভাৱে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ আছিল ___ , ১।  "টমাছ আলভা এডিচন" এখেতৰ বিষয়ে সকলোৱে জানে নিশ্চয়। তেখেতেই বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল। তেখেতক স্কুলত নামভৰ্তি কৰাৰ ঠিক ৩ মাহ পাছতেই স্কুলৰ পৰা ওলাই দিছিল কাৰণ তেখেত আছিল "বধিৰ", এজন স্বাভাৱিক মানুহৰ দৰে কাণেৰে শুনা নাছিল। , ২।  "মিল্টন" গোটেই বিশ্বত আলোড়ন সৃষ্টিকাৰী আমেৰিকান লেখক। বিখ্যাত বিখ্যাত কবিতা সৃষ্টি কৰি জয় কৰিছিল সমগ্ৰ বিশ্ববাসীৰ মন প্ৰাণ। কিন্তু তেখেত আছিল, "অন্ধ"। , ৩।  আমেৰিকান ৰাষ্ট্ৰপতি "ৰুজভেল্টক" কোনেনো চিনি নাপায়। তেখেত আছিল সেই সময়ৰ সকলো ৰাজনীতিবিদৰ আদৰ্শ কিন্তু তেখেতে খোজ কাঢ়িব পৰা নাছিল, হুইলচেয়াৰত চলা-ফুৰা কৰিব লাগিছিল। , ৪।  "ষ্টিফেন হকিং"  নিউটনৰ পাছতে যাক পদাৰ্থ বিজ্ঞানৰ অন্যত...
ক্ৰিষ্টিয়ান ৰোনাল্ড'ৰ জীৱনৰ পৰা ল'ব লগা এটি শিক্ষাঃ কিছুদিন আগতে ক্ৰিষ্টিয়ান ৰোনাল্ড'ক এটি অনুষ্ঠানত সম্বৰ্ধনা দিয়া হয়। সেই সভাত যেতিয়া তেওঁৰ হাতত এটি পুৰস্কাৰ তুলি দিয়া হ'ল, তেতিয়া সেই পুৰস্কাৰটো তেওঁ অ্যালবার্টো ফ্ৰানটাউ নামৰ এজন ব্যক্তিক সমৰ্পণ কৰি কলে, "হয়, আজি মই এজন নামীদামী খেলুৱৈ। কিন্তু আমাৰ এই সাফল্যৰ আতৰ যাৰ অবদান  ৰৈছে, তাৰ নাম - অ্যালবার্টো ফ্ৰানটাউ।" * সভাত উপস্থিত সকলোৱে জানিব বিচাৰিলে যে,  অ্যালবার্টো ফ্ৰানটাউ কোন? ৰোনাল্ড' ক'লে, তেওঁ মোৰ বন্ধু। সৰুৰে পৰাই আমি একেলগে ফুটবল খেলিছিলোঁ। লিছবন স্প'ৰ্টছ  একাডেমীৰ পৰা খেলুৱৈ বাচনি কৰাৰ বাবে বাচনি কৰা কমিটিৰ দল  আমাৰ খেল চাবলৈ আহিছে। সিহঁতে ক'লে, যি খেলুৱৈয়ে সৰ্বাধিক গ'ল কৰিব তাকেই স্প'ৰ্টছ একাডেমীত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব। সেইদিনাৰ খেলত আমাৰ দলটোৱে ৩-০ গ'লত জয় লাভ কৰিছিল। প্ৰথম গ'ল টো মই কৰোঁ। দ্বিতীয় গ'ল টো অ্যালবার্টো হেড মাৰি কৰে। তৃতীয় গ'ল টো আছিল সবাতোকৈ উত্তেজনাপূৰ্ণ। অ্যালবার্টো উইংৰ পৰা বলটো লৈ  গ'লকিপাৰৰ মুখামুখি হ'ল, গ'ল...

এই_ছবিখন_হৈছে_বিশ্ব_বিখ্যাত_আৰু_পৃথিৱী_কঁপাই_যোৱা_শিহৰণকাৰী_ছবিৰ_ভিতৰত_এখন |Kevin Carter Committed Suicide 3 Months After He Won the Pulitzer Prize for a Photograph of a Vulture Stalking a Starving Girl

Image
Latest assamese news ,story and health tips , beauty tips in assamese, assamese love story , sad story ,today assamese news,motivation story in Assammese এই_ছবিখন_হৈছে_বিশ্ব_বিখ্যাত_আৰু_পৃথিৱী_কঁপাই_যোৱা_শিহৰণকাৰী_ছবিৰ_ভিতৰত_এখন । ইয়াতে শগুণটোয়ে অপেক্ষা কৰি আছে - # শিশুটোৰ_মৃত্যুৰ_অপেক্ষা  ।। শিশুটো মৰি গলে তাৰ মাংসখিনি খোৱাৰ অপেক্ষাত।।এই ছবিটো তুলিছিল  # kevin_carter  নামৰ এজন ফটোগ্ৰাফাৰে 1994 ৰ ছুডানত, জাতিসংঘৰ খাদ্যৰ গুদামৰ ওচৰত।।এই ছবিখন তেতিয়া বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল।। কিন্তু শিশুটিৰ শেষ পৰিণতি কি হৈছিল সেইটো কোনেও একো কব নোৱাৰে।। আনকি kevin carter ও নাজানে ।।কিন্তু আমোদজনক কথাটো হ ল এই ছবিখনে  # pulitzer বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল।।Kevin carter এই ছবিখন তোলাৰ তিনি মাহ পিছত আত্মহত্যা কৰিছিল।। পিছত জনা গৈছিল যে ছবিখন তোলাৰ বাবে kevin carter মানসিক ভাৱে ভাঙি পৰিছিল।। আৰু সেই কাৰণেই আত্মহত্যা কৰিছিল।।আত্মহত্যা কৰাৰ আগত kevin carter এ নিম্নলিখিত বাক্যশাৰী লিখি থৈ গৈছিল...Dear god, i promise i will never waste my food no matter how bad it can taste a...

আহোম ৰাজত্বকালত ডাঙৰীয়া , বিষয়া ফুৰাৰ আৰু ৰাজচ'ৰালৈ অহাৰ নিয়ম : History of Assam

Image
আহোম ৰাজত্বকালত ডাঙৰীয়া , বিষয়া ফুৰাৰ আৰু ৰাজচ'ৰালৈ অহাৰ নিয়ম :   স্বৰ্গদেউসকলৰ ৰাজত্বকালত সৰু বৰ বিষয়ববীয়া তথা স্বৰ্গদেউসকলে কৰবাত ফুৰিবলৈ যোৱা আৰু ৰাজচ'ৰালৈ আহোতে বহু নিয়ম মানি চলিছিল । বিষয় বাবৰ মৰ্য্যদা অনুসৰী নিয়মৰ পাৰ্থক্য আছিল । ডাঙৰীয়াসকলে উঠা ঘোঁৰা আৰু হাতী বাণত সিয়া জৰীৰে সজায় আৰু ঠেঙত নেপুৰ পিন্ধায় । ঘোঁৰাৰ ওপৰত হালধীয়া পাটৰ কাপোৰৰ তলচা পাৰে আৰু হাতীৰ ওপৰতো কাপোৰ পাৰে । তেওঁলোকৰ আগে আগে চৈ লগোৱা দোলাও যায় । বাটত স্বৰ্গদেউৰ লগত অগা ভেটা হ'লে স্বৰ্গদেউৱে যি বাহনত উঠি যায় , সেই বাহনতে নাইবা কেপকৰা তলচাৰ নুৰাতে ডাঙৰীয়াসকলে উঠি স্বৰ্গদেউক দেখা কৰাৰ নিয়ম । ৰাজমাও দেউতা , বৰজনা আইকুঁৱৰীদেও আৰু পৰ্বতীয়া আইকুঁৱৰীদেওক সকলোৱে স্বৰ্গদেউওৰ দৰেই সন্মান কৰে , কিন্তু শিঙৰী ঘৰত উঠিলেহে ডাঙৰীয়াসকলে তেওঁলোকক সেৱা কৰে । দাঁতিয়লীয়া গোঁহাইদেও তিনিজনে বাটত স্বৰ্গদেউক দেখা পালে ডাঙৰীয়া তিনিজনৰ দৰেই  দেখা কৰাৰ নিয়ম । মেলডগীয়া গোঁহাইদেও আৰু দাঁতিয়লীয়া গোঁহাইদেওসকলৰ সৈতে ডাঙৰীয়াসকলৰ বাটত ভেটা ভেটী হলে তেওঁলোক দোলাতে থাকি ডাঙৰীয়াসকলক বাট এৰি দিব লাগে । বৰবৰুৱা , বৰফুকন , চ'ৰাফুকন আ...

অাজিৰ দিনটোৰ ৰাশি ফল( ইং ৬ জুলাই,২০১৮ ) 6 July 2018 rashifal in assamese

Image
[] অাজিৰ দিনটোৰ ৰাশি ফল []       ( ইং ৬ জুলাই,২০১৮ ) …………………………………………… 👉 মেষ ৰাশি  = পাৰিবাৰিক সুখ লাভ হব। প্ৰেমত শুভ। শুভ সংখ্য - ৬ শুভ ৰঙ= ৰঙা। 👉 বৃষ ৰাশি : অাপোনি মনত আঘাত পাব পাৰে।অৰ্থ লাভ।প্ৰেমত শুভ । শুভ সংখ্যা - ১ শুভ ৰঙ : হালধীয়া ৰঙ । 👉 মিথুন ৰাশি : আপোনজনে নকবলগা ক্থা কাৰ্যকলাপত অতিষ্ঠ হব । প্ৰেমত অশুভ। যাত্ৰ নকৰিব। শুভ সংখ্যা -  ৫ শুভ ৰঙ: কমলা ৰঙ ।  👉 কৰ্কত ৰাশি :  কৰ্ম্মোন্নতিৰ যোগ ।ৱ্যৱসায়ত শুভ। প্ৰেমত আনন্দ লাভ। শুভসংখ্যা : ৩  শুভ ৰঙ=  হালধীয়া ৰঙ ।  👉 সিংহ ৰাশি : যাত্ৰাত শুভ। ধন লাভ হব পাৰে। প্ৰেমত  জটিলতা বৃদ্ধি পাব। শুভ সংখ্যা : ৬  শুভ ৰঙ : নীলা ৰঙ । 👉কন্য  ৰাশি - অাপোনা অাজি দিনটোত অশান্তি হ'ব পাৰে।ভ্ৰমনত শুভ।হাতলৈ ধন অাহিব।ব্যৱসায়ত শুভ।প্ৰেমিক -প্ৰেমিকাৰ শুভ।শুভ ৰং হালধিয়া হ'ব।শুভ সংখ্যা ৫ 👉 তুলা ৰাশি - চাকৰিয়াল সকলৰ বাবে শুভ।বাহন চলাওতে সাৱধান হওক।প্ৰেমত বৰ শুভ নহয়।ব্যৱসায়ত শুভ। শুভ সংখ্যা ৩ শুভ ৰং সেউজীয়া। 👉 বৃশ্চিক ৰাশি - শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত শুভ।গৃহলৈ বন্ধু অাহি...

৩০ দিনৰ পাছত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰল, ডিজেলৰ মূল্য।আন্ত:ৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি খনিজ তেলৰ মূল্য

Image
দহ দিনত বৃদ্ধি পালে পেট্ৰল, ডিজেলৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি খনিজ তেলৰ মূল্য  ********/******************************   ৩০ দিনৰ পাছত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰল, ডিজেলৰ মূল্য। বৃহস্পতিবাৰে পেট্ৰলৰ মূল্য ১৬ পইচালৈ বৃদ্ধি পোৱাৰ বিপৰীতে  ডিজেলৰ মূল্য বৃদ্ধি পালে ১২ পইচালৈ।   ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৫.৫৫ টকাৰ পৰা ৭৫.৭১ টকালৈ বৃদ্ধি হোৱাৰ লগতে ডিজেলৰ মূল্য ৬৭.৩৮ টকাৰ পৰা ৬৭.৫০ টকালৈ বৃদ্ধি পাইছে। একেদৰে গুৱাহাটী মহানগৰীতো পেট্ৰল,ডিজেলৰ বৰ্ধিত মূল্যই জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে। বৃহস্পতিবাৰে মহানগৰীত পেট্ৰলৰ মূল্য সৰ্বাধিক ৭৭.৮৬ টকা হয়গৈ।  বিগত ২৫ জুনৰ পৰা গুৱাহাটীত পেট্ৰলৰ মূল্য স্থিৰ হৈ থকাৰ পিছত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ২০ পইচাকৈ বৃদ্ধি হয়। ২৫ জুনত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭৭.৬৬ টকাৰ পৰা সৰ্বাধিক ৭৭.৮৬ টকালৈ বৃদ্ধি পায়। পেট্ৰলৰ লগতে গুৱাহাটীত ডিজেলৰ মূল্যও  বৃহস্পতিবাৰে প্ৰাৰম্ভিক মূল্যতকৈ ১৬ পইচাকৈ বৃদ্ধি পায়। এই মূল্য বিগত ২৫ জুনৰ পৰা  ৭০.৪৪ টকা হৈ থকাৰ বিপৰীতে বৃহস্পতিবাৰে ৭০.৪৯ টকা হয়গৈ। ...

অাজি দিনটোৰ ৰাশি ফল ::: ( ইং ৫ জুলাই,২০১৮) rashifal in assamese 5 July 2018

Image
:::অাজি দিনটোৰ ৰাশি ফল ::: ( ইং ৫ জুলাই,২০১৮) 👉মেষ ৰাশি : ধন লাভ ।ব্যৱসায়ত শুভ। বিদ্যাত শুভ ।প্ৰেমত অশুভ।শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৯ 👉বৃষ ৰাশি : বন্ধুৰ পৰা ক্ষতি  হব পাৰে।কৰ্মত উন্নতিত বাধা।ব্যৱসায়ত অশুভ ।বিদ্যাত শুভ । প্ৰেমত শুভ ।শুভ ৰং সেউজীয়া ।শুভ সংখ্যা ১ । 👉মিথুন ৰাশি :  চাকৰীয়াল সকলৰ বাবে শুভ।হাতলৈ ধন অাহিব যদিও ঙৰচ বৃদ্ধি পাব।প্ৰেমত অশুভ । শুভ ৰং ৰঙা । শুভ সংখ্যা ৩। 👉কৰ্কত ৰাশি : ব্ন্ধুৰ পৰা ধন পাব।ব্যৱসায়ত শুভ। প্ৰেমত শুভ । শুভ ৰং নীলা ৰঙ। শুভ সংখ্যা ৮। 👉সিংহ ৰাশি : কৰ্মত সফলতা লাভ।ব্যৱসায়ত অৰ্থ লাভ হব।বিদ্যাত মধ্যম। প্ৰেমত শুভ।শুভ ৰং হালধিয়া । শুভ সংখ্যা ৪। 👉কন্যা ৰাশি : মনত অানন্দ লাভ ।যাত্ৰাত অশুভ।অৰ্থ লাভ হব। বিদ্যাত শুভ।প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯ 👉তুলা ৰাশি :  কৰ্মত উন্নতি। চাকৰিয়াল সকলৰ বাাবে শুভ।বিদ্যাত শুভ। প্ৰেমত অশুভ।শুভ সংখ্যা ৬ শুভ ৰং ৰঙা। 👉বৃশ্চিক ৰাশি : কৰ্মত পদোন্নতি লাভ।ব্যৱসায়ত বিশেষ শুভ নহব। বিদ্যাত শুভ। প্ৰেমত পতাৰণা ।শুভ ৰং সেউজীয়ষ। শুভ সংখ্যা ৬ । 👉ধনু ৰাশি : ক্ৰমত  সু-সংবাদ পাব। ব্যৱসায়ত শুভ।ধন খৰচ ...

শীঘ্ৰেই বিবাহ-পাশত আবদ্ধ হ'ব ৰণবীৰ-দীপিকা।ইটালীত বিবাহ সম্পন্ন কৰিব ৰণবীৰ দীপিকাই Deepika Padukone And Ranveer Singh's Wedding Date Finalised?

Image
শীঘ্ৰেই বিবাহ-পাশত আবদ্ধ হ'ব ৰণবীৰ-দীপিকা। ইটালীত বিবাহ সম্পন্ন কৰিব ৰণবীৰ দীপিকাই ***************************************** শীঘ্ৰেই বিবাহ-পাশত আবদ্ধ হ'ব ৰণবীৰ-দীপিকা। চলিত বৰ্ষৰ শেষৰ ভাগলৈ যুগ্ম জীৱনৰ আৰম্ভণি কৰিব বলীউডৰ এই দুই তাৰকা অভিনেতা-অভিনেত্ৰীয়ে। বলিউডত এতিয়া বিবাহৰ বতৰ। এই বিয়াৰ বতৰৰ আমেজ ল'বলৈ সাজু  ৰণবীৰ-দীপিকাও। ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিবাহক লৈ বলীউডত অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা। বাজিৰাও-মাস্তানীৰ সোনালী পৰ্দাৰ বিবাহ শীঘ্ৰেই দিঠকত পৰিণত হোৱাৰ দিশে।  ২০১৮বৰ্ষৰ নবেম্বৰ মাহৰ ১২ ৰ পৰা ১৬ তাৰিখৰ ভিতৰত বিবাহ পাশত আবদ্ধ হোৱা সম্ভাৱনা আছে ৰণবীৰ-দীপিকা। তথ্যনুসৰি ভাৰতৰ পৰিৱৰ্তে  ইটালীত বিবাহ সম্পন্ন কৰিব ৰণবীৰ আৰু 'ত্ৰিপ'ল এক্স'ৰ অভিনেত্ৰী   দীপিকাই। আনহাতে ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ এই বিবাহত দুয়োটা পৰিয়াল সদস্যৰ সৈতে উপস্থিত থাকিব বলিউড জগতৰ দুখন জনপ্ৰিয় মুখ। ইটালীত হ'বলগীয়া বিবাহত উপস্থিত থাকিব বলিউডৰ কিং খান শ্বাহৰুখ। 'ওম শান্তি ওম'ৰ জৰিয়তে বলিউড জগতত ভৰি দিয়া দীপিকাৰ বিবাহত উপস্থিত থাকি ৰণবীৰ আৰু দীপিকাক আশীৰ্বাদ দি...

কচুৰ_উপকাৰিতা,কচু_শাক_খোৱাৰ_নীতি_নিয়ম_আৰু_লব_লগা_সাৱধানতা ,Health-tips-assamese Kosu Xaak(Colocasia Leaves)

Image
কচুৰ _ উপকাৰিতা # কচু _ শাকৰ _ গুণাগুণ (Colocasia) প্ৰচুৰ পৰিমাণে ভিটামিন A থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী। দৃষ্টিশক্তিৰ দুৰ্বলতা , কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰ ক্ষা কৰাত সহায় কৰে । 🌿   ৰক্তহীনতা ( anaemia) ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ , ভিটামিন B6 আৰু ফলেট ( folate) থাকে। 🌿   কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়। ইয়াত থকা মিথিয়নিন ( methionine) আৰু আহে ( dietary fiber) কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড ( triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 🌿   উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে । আৰু ইয়াত থকা ভিটামিন B6 এ হ ' ম ' চিষ্টিন ( homocystine) নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক (stroke) হোৱাত বাধা প্ৰদান কৰে।   🌿   ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে। 🌿   গৰ্ভৱতী তিৰোতাই মাজে সময়ে কচু শাক খাব লাগে। কাৰণ ইয়াত আইৰণ...